1 বংশা 6:61 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কহাতৰ অৱশিষ্ট বংশধৰ সকলক মনচিৰ আধা জাতিৰ পৰা চিঠি খেলাই দহখন নগৰ দিয়া হ’ল। |
এওঁলোকেই সেই সকল যি নিজৰ সন্তান সকলৰ সৈতে পৰিচৰ্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁৰ পূৰ্বপূৰুষৰ নাম উল্লেখ কৰা হ’ল: হেমন আছিল যোৱেলৰ পুত্ৰ। যোৱেল আছিল চমূৱেলৰ পুত্র।
বিন্যামীন জাতিৰ পৰা তেওঁলোকক চৰণীয়া ঠায়ে সৈতে গেবা, চৰণীয়া ঠায়ে সৈতে অল্লেমৎ, আৰু চৰণীয়া ঠায়ে সৈতে অনাথোৎ দিয়া হ’ল। কহাতীয়া গোষ্ঠীৰ লোকসকলে সৰ্ব্বমুঠ তেৰখন নগৰ পাইছিল।
গেৰ্চোমৰ বংশধৰসকলক তেওঁলোকৰ বিভিন্ন গোষ্ঠী অনুসাৰে ইচাখৰ গোষ্ঠীৰ, আচেৰ গোষ্ঠীৰ, নপ্তালী গোষ্ঠীৰ, আৰু বাচানত থকা মনচিৰ গোষ্ঠীৰ পৰা তেৰখন নগৰ দিয়া হ’ল।