1 বংশা 6:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী। |
দায়ূদে তেওঁলোকক লেবীয়া সকলৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন দলত বিভক্ত কৰিলে: গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
যিহেতু ঈশ্বৰৰ কৃপাদৃষ্টি আমাৰ ওপৰত আছিল, সেয়ে আমাৰ বাবে এজন ব্যক্তি পঠাই দিলে, তেওঁৰ নাম চেৰেবিয়া আছিল; তেওঁ এজন বিচক্ষণ ব্যক্তি আছিল। তেওঁ আছিল মহলীৰ বংশধৰ। মহলী আছিল, লেবীৰ পুত্র। লেবী আছিল, ইস্ৰায়েলৰ পুত্র। তেওঁ ওঠৰ জন পুত্র আৰু ভাইসকলক লগত লৈ আহিছিল।
লেবীৰ পুত্র সকলৰ সৈতে তেওঁলোকৰ বংশধৰ নাম এই তালিকাত উল্লেখিত আছে। তেওঁলোকৰ নাম হ’ল: গেৰ্চোন, কহাৎ, আৰু মৰাৰী। লেবী এশ সাতত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
নিজ নিজ গোষ্ঠী অনুসাৰে লেবী ফৈদৰ মাজত গণিত লোক এই সকল: গেৰ্চোনৰ পৰা গেৰ্চোনীয়া গোষ্ঠী, কহাতৰ পৰা কহাতীয়া গোষ্ঠী, মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী।