অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 বংশা 4:39 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁলোকে নিজৰ পশুৰ জাকবোৰ চৰাবলৈ ঠাই বিচাৰিলে, আৰু গদোৰৰ পৰা বাহিৰলৈ ওলাই গৈ উপত্যকাৰ পূব দিশে গ’ল।

অধ্যায়টো চাওক



1 বংশা 4:39
7 পৰস্পৰ সংযোগসমূহ  

গদোৰৰ যিৰোহমৰ পুত্ৰ যোৱেল আৰু জবদিয়া।


তেওঁৰ যিহূদীয়া ভাৰ্যা যেৰদক জন্ম দিয়ে, যি জন গদোৰৰ পিতৃ হ’ল, হেবৰ চোকোৰৰ পিতৃ হ’ল। আৰু যিকোথীয়েলক জানোহৰ পিতৃ হ’ল। এওঁলোক মেৰদে বিয়া কৰোঁৱা ফৰৌণৰ জীয়েক বিথিয়াৰ সন্তান।


ওপৰত উল্লেখিত নামৰ লোকসকলৰ নিজৰ নিজৰ গোষ্ঠীৰ অধ্যক্ষ আছিল। আৰু তেওঁলোকৰ বংশ অতিশয়ৰূপে বৃদ্ধি পালে।


গদোৰ নগৰৰ পনূৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হূচাৰ গোষ্ঠীৰ মূল লোক আছিল। হূৰৰ বংশধৰ এওঁলোক, ইফ্ৰাথাৰ প্ৰথম সন্তান আৰু বৈৎলেহেমৰ মূল বংশ।


তাতে তেওঁলোকে বহুত ঘাঁহ থকা উত্তম চৰণীয়া ঠাই পালে; সেই দেশ বহল, নিৰ্জন, আৰু শান্তিপূৰ্ণ আছিল। সেই ঠাইত বাস কৰা পূৰ্বৰ লোকসকল হামৰ বংশৰ আছিল।


দবীৰৰ ৰজা, গেদৰৰ ৰজা,


হল্‌হূল, বৈৎ-চুৰ, গদোৰ,