বাৰাণ্ডাৰ সেই স্তম্ভ দুটাৰ মূৰৰ অাকাৰ লিলি ফুলৰ দৰে আছিল৷ সেই ফুলৰ আকৃতি চাৰি হাত ওখ আছিল৷
1 বংশা 28:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সোণৰ দীপাধাৰবোৰৰ আৰু তাৰ প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ সোণৰ পৰিমান অনুসাৰে জুখি দিলে। ৰূপৰ দীপাধাৰবোৰৰ আৰু প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ ৰূপৰ পৰিমান অনুসাৰে জুখি দিলে। যাতে প্রত্যেক দীপাধাৰবোৰৰ উপযুক্ত ব্যৱহাৰ হয়। |
বাৰাণ্ডাৰ সেই স্তম্ভ দুটাৰ মূৰৰ অাকাৰ লিলি ফুলৰ দৰে আছিল৷ সেই ফুলৰ আকৃতি চাৰি হাত ওখ আছিল৷
তেওঁ সকলো প্রকাৰৰ পৰিচৰ্যাৰ বাবে সোণৰ পাত্ৰবোৰ আৰু সকলো প্রকাৰৰ পৰিচৰ্যাৰত ব্যৱহাৰ হোৱা সামগ্রীৰ বাবে ৰূপৰ পাত্ৰবোৰ গুৰুত্ব সহকাৰে তেওঁক দিলে।
দৰ্শন-পিঠাৰ মেজ, আৰু প্রত্যক মেজৰ বাবে সোণৰ পৰিমাণ, আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে।
আৰু তেওঁ বিধিমতে সোণৰ দহোটা দীপাধাৰ সাজিলে; তাৰ পাঁচোটা সোঁফালে আৰু পাঁচোটা বাওঁফালে মন্দিৰত স্থাপন কৰিলে।
মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।