অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 বংশা 27:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গিলিয়দত থকা মনচিৰ আধা জাতিৰ বাবে জখৰিয়াৰ পুত্ৰ যিদ্দো নেতা আছিল। বিন্যামীনৰ জাতিৰ বাবে অবনেৰৰ পুত্ৰ যাচীয়েল নেতা আছিল।

অধ্যায়টো চাওক



1 বংশা 27:21
6 পৰস্পৰ সংযোগসমূহ  

যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।


আৰু নেৰৰ পুত্ৰ অবনেৰক বধ কৰা কথাত ৰজাৰ যে অনুমতি নাই, তাক সকলো লোকে আৰু সকলো ইস্ৰায়েলেও সেই দিনা বুজি পালে।


মহনয়িমত ইদ্দোৰ পুত্ৰ অহীনাদব আছিল৷


ইফ্ৰয়িম জাতিৰ বাবে অজজিয়াৰ পুত্ৰ হোচেয়া নেতা আছিল। মনচিৰ আধা জাতিৰ বাবে পদায়াৰ পুত্ৰ যোৱেল নেতা আছিল।


দানৰ জাতিৰ বাবে যিৰোহমৰ পুত্ৰ অজৰেল নেতা আছিল। ইস্ৰায়েল জাতিৰ বাবে এওঁলোকেই নেতা আছিল।