দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে।
1 বংশা 23:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাত লদ্দনৰ তিনি জন পুত্ৰ আছিল; যিহীয়েল মূখ্য লোক আছিল, তাৰ পাছত যেথম আৰু যোৱেল আছিল। |
দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে।
চিমিয়ীৰ তিনি জন পুত্ৰ আছিল: চলোমৎ, হজীয়েল আৰু হাৰণ; এওঁলোক লদ্দনৰ গোষ্ঠীৰ মূখ্য লোক আছিল।
লদ্দনৰ বংশধৰ সকল, তেওঁৰ পৰা অহা গেৰ্চোনীয়াৰ বংশধৰ সকল, আৰু যি সকল গের্চোনীয়াৰ লদ্দনৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক যিহীয়েলী আৰু তেওঁৰ পুত্র সকল।
যিসকলৰ বহুমুলীয়া বাখৰ আছিল, তেওঁলোকে গেৰ্চোনীয়াৰ বংশধৰ যিহীয়েলৰ নিৰীক্ষণত যিহোৱাৰ গৃহৰ ভঁৰালত তাক দিলে।