এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে।
1 বংশা 20:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোক গাতৰ ৰফাৰ বংশধৰৰ লোক আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতৰ দ্ৱাৰাই বধ কৰা হ’ল। |
এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে।
এই লোকসকল গাতত ৰফাৰ সন্তান সকল আছিল আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতত বধ কৰা হ’ল।
তেওঁ যেতিয়া ইস্ৰায়েলৰ সৈন্যক ইতিকিং কৰিলে, তেতিয়া দায়ূদৰ ভায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।
যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
সেই বাবে মোক এতিয়া এই পর্বতৰ ৰাজ্যখন দিয়ক, এই পর্বতৰ বিষয়ে সেই দিনা যিহোৱাই মোক আশা দিছিল৷ কিয়নো সেই সময়ত অনাকীয়াসকল তাত আছিল আৰু নগৰবোৰ ডাঙৰ ডাঙৰ গড়েৰে আবৃত৷ সেই দিনা কৈছিলোঁ ‘যিহোৱা মোৰ লগত থাকিব আৰু যিহোৱাৰ বাক্য অনুসাৰে মই তেওঁলোকক দূৰ কৰিম’। সেই দিনা বোধ কৰোঁ, এই বিষয়ে তুমি শুনিছিলা৷”