তেতিয়া যিহূদাই নিজৰ পো-বোৱাৰী তামাৰক ক’লে, “যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয়, তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাবে থাকাগৈ।” কিয়নো তেওঁ ভাবিছিল, “কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ’ব।” তাতে তামাৰে নিজৰ পিতৃৰ ঘৰত গৈ বাস কৰিলে।
1 বংশা 2:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহূদাৰ বোৱাৰীয়েক তামাৰে পেৰচ আৰু জেৰহক জন্ম দিলে। যিহূদাৰ পাঁচ জন পুত্র আছিল। |
তেতিয়া যিহূদাই নিজৰ পো-বোৱাৰী তামাৰক ক’লে, “যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয়, তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাবে থাকাগৈ।” কিয়নো তেওঁ ভাবিছিল, “কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ’ব।” তাতে তামাৰে নিজৰ পিতৃৰ ঘৰত গৈ বাস কৰিলে।
বাস কৰা লোকসকলৰ লগত বানিৰ পুত্র ইম্ৰীয়, ইম্ৰীয়ৰ পুত্র অম্রীয়, অম্রীয়ৰ পুত্র অম্মীহূদ, অম্মীহূদৰ পুত্র উথয়ৰ লগতে যিহূদাৰ পুত্র পেৰচৰ বংশৰ কিছুমান লোকক অন্তৰ্ভুক্ত কৰা হৈছিল।
আৰু যিহূদাৰ পুত্ৰ জেৰহ, জেৰহৰ বংশৰ মচেজবেল, মচেজবেলৰ পুত্ৰ পথহিয়া লোকসকলৰ সকলো বিষয়ৰ বাবে ৰজাৰ ওচৰত থাকিছিল।
যিহূদাৰ বংশৰ কিছুমান আৰু বিন্যামীনৰ বংশৰ কিছুমান লোক যিৰূচালেমত বাস কৰিলে। যিহূদাৰ পৰা অহা লোক সকলৰ অন্তৰ্ভুক্ত সকল: পেৰচৰ বংশৰ মহলেলৰ পুত্র চফটিয়া, চফটিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্র উজ্জিয়া, আৰু উজ্জিয়াৰ পুত্র অথায়া।
যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণৰ পুত্ৰ ৰাম৷
নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ;
যিহোৱাই সেই মহিলাৰ পৰা তোমাক যি সন্তান দিব, সেই সন্তানৰ দ্বাৰাই, তামাৰৰ পৰা যিহূদালৈ জন্মা পেৰচৰ বংশৰ দৰে হওক।”