অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 বংশা 18:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

অহীটুবৰ পুত্ৰ চাদোক, আৰু অবিয়াথৰৰ পুত্ৰ অবীমেলক পুৰোহিত আছিল, চবচা ৰাজলিখক আছিল;

অধ্যায়টো চাওক



1 বংশা 18:16
9 পৰস্পৰ সংযোগসমূহ  

চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল।


অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷


পাছত ৰজাই তেওঁৰ পদত যিহোয়াদাৰ পুত্ৰ বনায়াক প্ৰধান সেনাপতি পাতিলে আৰু ৰজাই অবিয়াথৰ পদত চাদোকক পুৰোহিত নিযুক্ত কৰিলে।


চীচাৰ পুত্ৰ ইলীহোৰফ আৰু অহিয়া ৰাজ-লিখক আছিল৷ অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস-লিখক আছিল৷


চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহীলূদৰ পুত্র যিহোচাফট্‌ বৃত্তান্ত লিখক আছিল।


যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত আছিল; আৰু দায়ূদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শদাতা আছিল।


দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে।


লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল।


সেই সময়ত অহীটুবৰ পুত্ৰ অহীমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল; তেওঁৰ নাম অবিয়াথৰ; তেওঁ দায়ূদৰ ওচৰলৈ পলাই গ’ল।