অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 বংশা 18:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তোৱোয়ে নিজৰ পুত্ৰ হদোৰামক দায়ুদ ৰজাক প্রণাম জনাবলৈ আৰু আশীৰ্ব্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে, কাৰণ দায়ূদে হদদেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে, আৰু কাৰণ তোয়োৱৰ বিৰুদ্ধে হদৰেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদোৰাম নিজৰ লগত ৰূপ, সোণ, আৰু পিতল বস্তু লৈ আহিছিল।

অধ্যায়টো চাওক



1 বংশা 18:10
6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যুদ্ধত হদদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ুদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্‌দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷


দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।


যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদদেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে।


পাছত যেতিয়া চিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেখেতে নিগূঢ় বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ যিৰূচালেমলৈ আহিল৷ সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বোজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল৷ যেতিয়া তেখেতে চলোমনৰ ওচৰলৈ আহিল, তেখেতৰ মনত যি যি আছিল, সকলোকে তেওঁক ক’লে।


সেই সময়ত বলদানৰ পুত্ৰ মৰোদক বলদান নামেৰে বাবিলৰ ৰজাই হিষ্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে; কাৰণ তেওঁ শুনিছিল যে, হিষ্কিয়া নৰিয়া পৰি সুস্থ হৈছিল।