যেতিয়া মই মোৰ ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক আজ্ঞা কৰিছিলোঁ যে, মই তোমাৰ শত্ৰুসকলক বশীভূত কৰিম। তদুপৰি মই তোমাক কৈছো যে, মই যিহোৱাই তোমাৰ বাবে এটা ঘৰ নিৰ্ম্মাণ কৰিম।
1 বংশা 17:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই মোৰ ইস্ৰায়েলৰ লোকসকলৰ বাবে এটা ঠাই নিৰ্বাচন কৰিম আৰু তেওঁলোকক ৰোপণ কৰিম, সেয়ে তেওঁলোকে নিজৰ ঠাইতে বাস কৰিব পাৰিব আৰু তেওঁলোকক লৰোৱা নহব। দুৰ্জন লোকসকলে তেওঁলোকক উপদ্রৱ কৰিব নোৱাৰিব, যেনেকৈ আগৰ দিনত কৰিছিল, |
যেতিয়া মই মোৰ ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক আজ্ঞা কৰিছিলোঁ যে, মই তোমাৰ শত্ৰুসকলক বশীভূত কৰিম। তদুপৰি মই তোমাক কৈছো যে, মই যিহোৱাই তোমাৰ বাবে এটা ঘৰ নিৰ্ম্মাণ কৰিম।
আৰু তুমি যি যি ঠাইলৈ গৈছিলা, মই তোমাৰ লগত থাকি তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুবোৰক ছেদন কৰিলোঁ। আৰু পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। তুমি সেই সকলো লোকক নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা।
বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
কিয়নো মই তেওঁলোকৰ মঙ্গলৰ অৰ্থে তেওঁলোকৰ ওপৰত মোৰ চকু ৰাখিম, আৰু মই তেওঁলোকক পুনৰায় এই দেশলৈ আনিম আৰু তেওঁলোকক স্থাপন কৰিম, নাভাঙিম; ৰোপণ কৰিম, নুঘালিম।
তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা।
তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁলোকে বাস কৰিব; তেওঁলোকে তেওঁলোকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁলোকৰ অধিপতি হ’ব।
মই ইস্রায়েলীয়া সকলক তেওঁলোকৰ দেশত ৰুম, যি দেশ মই তেওঁলোকক দিছোঁ, তাৰ পৰা তেওঁলোকক কেতিয়াও পুনৰ উঘলা নহব।” এই কথা তোমালোকৰ ঈশ্বৰ যিহোৱাই কৈছে।
অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।