1 বংশা 15:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল। |
এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল।
নিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্বায়ীত্ব দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।
হাতত লোৱা দাপোণ, মিহি শন সূতাৰ বস্ত্ৰ, পাগুৰি, আৰু গা ঢকা কাপোৰ, এই সকলো শোভাৰ বস্ত্ৰ কাঢ়ি ল’ব।