তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
1 বংশা 11:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া সেই তিনি জন পৰাক্ৰমী পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যদল ভেদ কৰি বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ কাষলৈ গ’ল, আৰু তাৰ পৰা পানী তুলি লৈ দায়ূদৰ ওচৰলৈ আহিল। কিন্তু দায়ূদে তাক পান কৰিবলৈ ইচ্ছা নকৰি যিহোৱাৰ উদ্দেশ্যে ঢালি দিলে। |
তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
দায়ূদে পানীৰ বাবে হেঁপাহ কৰি ক’লে, “যদি কোনো এজন লোক বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ পৰা মোক খাবলৈ পানী আনি দিলেহেঁতেন!”
তেতিয়া তেওঁ ক’লে, “নিশ্চয়ে এয়া মই পান কৰিম নে, এনে কৰ্ম যিহোৱাই মোৰ পৰা নিষেধ কৰক; কিয়নো নিজৰ যে মই নিশ্চয়ে এইটো পান কৰিব লাগে। নিজৰ প্ৰাণৰ ক্ষতি স্বীকাৰ কৰা এই মানুহ কেইজনৰ তেজ মই পান কৰিম নে?” কাৰণ তেওঁলোকে প্ৰাণৰ ক্ষতি স্বীকাৰ কৰি এই পানী তুলি আনি দিছিল। সেয়ে তেওঁ তাক পান কৰিবলৈ অস্বীকাৰ কৰিলে। এই কৰ্ম সেই তিনি জন পৰাক্ৰমী পুৰুষে কৰিছিল।
মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
তেওঁ নিজ প্ৰাণ হাতত লৈ পলেষ্টীয়াৰ মহাবীৰক বধ কৰিলে, আৰু যিহোৱাই সকলো ইস্ৰায়েলৰ কাৰণে জয় কঢ়িয়াই আনিলে। এই সকলো দেখি আপুনি আনন্দ কৰিছিল। তেনেহলে কিয় আপুনি কোনো কাৰণ নোহোৱাকৈ দায়ূদক বধ কৰি নিৰ্দ্দোষীৰ তেজৰ বিৰুদ্ধে পাপ কৰিব খুজিছে?”
তেতিয়া তেওঁলোকে মিস্পাত গোট খালে আৰু পানী তুলি যিহোৱাৰ আগত ঢালি দিলে। সেই দিনা লঘোন দি সেই ঠাইতে ক’লে, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” এইদৰে চমূৱেলে মিস্পাত ইস্ৰায়েলৰ সন্তান সকলৰ বিচাৰ কৰিলে।