গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
1 বংশা 10:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁলোকে চৌলৰ সাজ সোলোকালে আৰু তেওঁৰ মূৰ লৈ, নিজৰ দেৱতাবোৰক আৰু লোকসকলক বাতৰি জনাবৰ বাবে, পলেষ্টীয়াসকলৰ দেশত সকলো ফালে বাৰ্ত্তাবাহক পঠাই দিলে। |
গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
তেওঁলোকে চৌলৰ যুদ্ধৰ সাজ তেওঁলোকৰ দেৱতাবোৰৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ মূৰ দাগোনৰ মন্দিৰৰ ভিতৰত আৰি থলে।
তাৰ পাছত চৌলে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল উলিয়াই তাৰে মোক খোঁচ। নহলে, এই অচুন্নৎহঁতে আহি মোক অপব্যৱহাৰ কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে মান্তি নহ’ল, কাৰণ তেওঁ অতিশয় ভয়ত আছিল। সেয়ে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল।
পিছদিনা পলেষ্টীয়াসকলে বধ কৰা লোকসকলৰ সাজ সোলোকাই লবলৈ আহি, গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহ পৰি থকা পালে।
স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।