1 তীমথিয় 5:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বৃদ্ধা মহিলা সকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতী সকলক সম্পূর্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা। |
শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।
তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷