1 তীমথিয় 5:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ কবলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়। |
পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে; সেয়ে যি জনে বহু কথা কয়, তেওঁৰ সৈতে সহযোগ নকৰিবা।
তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা।
আৰু তোমালোকে যি ঘৰত থাকিবা, ততে তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন-পান কৰিবা; কিয়নো বনুৱা জন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা।
আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো,
আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।
তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক;
এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে।