মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”
1 তীমথিয় 3:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচাৰকৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুত তেওঁলোক বিশ্বাসত সাহসী হয়৷ |
মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”
প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’
তাতে তেওঁ তাক ক’লে, ‘চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’।
তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গৰ দূতৰ মুখৰ নিচিনা দেখিলে।
তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে - স্তিফান, তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল; ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল।
স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।
হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;
আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছে, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহস কৰিছে।
আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।
কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।