যেতিয়া চমূৱেলে চৌলক দেখা পালে, যিহোৱাই তেওঁক ক’লে, “যাৰ বিষয়ে মই তোমাক কৈছিলোঁ, এইজনেই সেই ব্যক্তি; তেৱেঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব।”
1 চমূ 9:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া চৌলে দুৱাৰ মুখত চমূৱেলৰ ওচৰলৈ গৈ ক’লে, “মোক কওক, ভাববাদীৰ ঘৰ ক’ত?” |
যেতিয়া চমূৱেলে চৌলক দেখা পালে, যিহোৱাই তেওঁক ক’লে, “যাৰ বিষয়ে মই তোমাক কৈছিলোঁ, এইজনেই সেই ব্যক্তি; তেৱেঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব।”
চমূৱেলে চৌলক উত্তৰ দি ক’লে, “ময়েই সেই ভাববাদী, মই ওখ স্থানলৈ যোৱাৰ পূৰ্বে তুমি তালৈ যোৱা, কাৰণ তুমি আজি মোৰ লগত ভোজন কৰিবা, কাইলৈ ৰাতিপুৱা মই তোমাক যাবলৈ দিম আৰু তোমাৰ মনৰ সকলো কথা মই তোমাক জনাম।