তাৰ পাছত ইস্ৰায়েলৰ লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। তেওঁলোকে মিচৰীয়া লোকসকলৰ পৰা সোণ আৰু ৰূপৰ অলঙ্কাৰ, আৰু বস্ত্ৰও খুজি ল’লে।
1 চমূ 6:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে সুধিলে, “অামি তেওঁলৈ কি দোষাৰ্থক উপহাৰ পঠাম?” তেওঁলোকে উত্তৰ দি ক’লে, “তোমালোকে পাঁচটা সোণৰ বিহ ফোঁহোৰা আকৃতিৰে সজা আৰু সোণৰ পাঁচোটা নিগনি দি পঠোৱা; পাঁচ নম্বৰটো পলেষ্টীয়াসকলৰ পাঁচ জন অধিপতিক বুজায়৷ কাৰণ, তোমালোক আৰু তোমালোকৰ অধিপতিসকল সেই একেই মহামাৰীত আক্ৰান্ত। |
তাৰ পাছত ইস্ৰায়েলৰ লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। তেওঁলোকে মিচৰীয়া লোকসকলৰ পৰা সোণ আৰু ৰূপৰ অলঙ্কাৰ, আৰু বস্ত্ৰও খুজি ল’লে।
মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷
পাছত যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁ অস্কিলোনলৈ নামি গল আৰু সেই ঠাইৰ ত্ৰিশজন মানুহক বধ কৰি সিহঁতৰ কাপোৰ সোলোকাই আনি সেই কাপোৰেৰে এযোৰ এযোৰ সাঁথৰৰ অৰ্থ কোৱাবোৰক দিলে; আৰু খঙত জ্বলি উঠি নিজৰ বাপেকৰ ঘৰলৈ গুচি গ’ল।
সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
যি লোকসকৰ মৃত্যু হোৱা নাছিল, তেওঁলোক বিহ ফোঁহোৰাৰে পীড়িত হৈছিল; যাৰ ফলত নগৰৰ লোকসকলৰ আৰ্তনাদ আকাশলৈকে উঠিল।
অচ্দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে।
কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।
এই হেতুকে তোমালোকে তোমালোকৰ বিহ ফোঁহোৰাৰ আৰু দেশ বিনষ্ট কৰা নিগনি আকৃতিৰে মুৰ্ত্তি নিৰ্ম্মাণ কৰা, আৰু ইস্ৰায়েলৰ ঈশ্বৰক গৌৰৱান্বিত কৰা৷ তেওঁ তোমালোকৰ পৰা আৰু তোমালোকৰ দেৱতাবোৰৰ পৰা আৰু তোমালোকৰ দেশৰ পৰাও হয়তো নিজৰ ক্ৰোধ তেওঁ দূৰ কৰিব।
তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক সেই ৰথৰ ওপৰত তুলি দিবা; আৰু যি সোণৰ বস্তুবোৰ দোষাৰ্থক উপহাৰৰ অৰ্থে প্ৰস্তুত কৰিছিলা, সেইবোৰ এটা বাকচত ভৰাই নিয়ম-চন্দুকৰ কাষত থৈ পঠিয়াই দিবা আৰু সেই নিয়ম-চন্দুকক নিজ বাটে যাব দিবা।