অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 চমূ 6:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

লেবীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক আৰু তাৰ লগত সোণৰ বস্তু থকা বাকচটো নমালে আৰু সেই ডাঙৰ শিলটোৰ ওপৰত ৰাখিলে। বৈৎচেমচৰ লোকসকলে সেইদিনাই যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।

অধ্যায়টো চাওক



1 চমূ 6:15
3 পৰস্পৰ সংযোগসমূহ  

পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷


আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।


আৰু গড়েৰে আবৃত হোৱা নগৰ হওক বা গাওঁ হওক, পাঁচজন অধিপতিৰ অধীনত পলেষ্টীয়াসকলৰ যিমান নগৰ আছিল, সিমান সোণৰ নিগনি আছিল; এই কথা যিহোৱাৰ চন্দুক যিহৰ ওপৰত ৰখা হৈছিল, সেই মহা-শিল ইয়াৰ সাক্ষী হৈ ৰ’ল; বৈৎচেমচীয়া যিহোচূৱাৰ পথাৰত সেই শিল আজিলৈকে আছে।