আৰু তুমি যি যি ঠাইলৈ গৈছিলা, সেই সকলোতে মই তোমাৰ সঙ্গী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ৷ পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
1 চমূ 5:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।” |
আৰু তুমি যি যি ঠাইলৈ গৈছিলা, সেই সকলোতে মই তোমাৰ সঙ্গী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ৷ পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, “তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ’ম নে নাই।”
তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।
মই অচ্দোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; মই ইক্ৰোণৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টীয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ’ব।”
তোমালোকে কলনিলৈ গৈ চোৱা; তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত পলেষ্টীয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা; সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্য উত্তম নে? তোমালোকৰ সীমা, সেইবোৰৰ সীমাতকৈ ডাঙৰ নে?
মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷
আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
তাৰ পাছত ইস্ৰায়েলৰ আৰু যিহূদাৰ লোকসকলে ওলাই জয়-ধ্বনি কৰি গাতলৈকে আৰু ইক্ৰোণৰ দুৱাৰলৈকে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি গ’ল; তাতে পলেষ্টীয়াসকলৰ হত হোৱা লোকবোৰ চাৰয়িমৰ বাটত গয় আৰু ইক্ৰোণলৈকে পৰি পৰি গ’ল।
তাকে দেখি তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক গোট খুৱাই ক’লে, “আমাৰ লোকসকলক যেন বধ নকৰে, তাৰ বাবে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক ইয়াৰ পৰা পঠাই দিয়ক; নিজৰ ঠাইলৈ ইয়াক ঘূৰাই পঠাওঁক।” কিয়নো নগৰৰ সকলো ফালে মহামাৰীৰ ভয়ত লোকসকল ব্যাকুল হৈছিল; কাৰণ ঈশ্বৰৰ শাস্তি দিয়া হাত তেওঁলোকৰ বিৰুদ্ধে উঠিছিল।
কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।