পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।
1 চমূ 4:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে। |
পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।
কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা সাতাইশ হাজাৰ লোকৰ ওপৰত পৰিল। বিন-হদদ নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঁঠালিত সোমাল।
আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছে - আপোনালোকৰ প্রধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েলীয়াসকল থিয় হৈছে।
দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে;
কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”
পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে।
তেতিয়া যিহোৱাই চমূৱেলক ক’লে, “চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব।
পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে পলেষ্টীয়াসকলৰ হাতত ইস্ৰায়েলসকল পৰাস্ত হ’ল; আৰু সেই যুদ্ধ-ক্ষেত্ৰত ইস্ৰায়েলৰ সৈন্য সমূহৰ প্ৰায় চাৰি হাজাৰ লোকক তেওঁলোকে বধ কৰিলে।
তাৰ পাছত চমূৱেলে এটা শিল লৈ মিস্পা আৰু চেনৰ মাজ ঠাইত স্থাপন কৰিলে; আৰু “এতিয়ালৈকে যিহোৱাই আমাক সহায় কৰিলে” এইবুলি তাৰ নাম এবেন-এজৰ ৰাখিলে।