ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
1 চমূ 3:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক’লে, “তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, ‘হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে’।” তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল। |
ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
তেওঁলোকে মোচিক ক’লে, “আপুনিয়ে আমাক কথা কওক; আমি শুনিম। কিন্তু আমাৰ সৈতে ঈশ্বৰক কথা ক’বলৈ নিদিব, নহ’লে আমি মৰিম।”
মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”
তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?”
পুনৰ যিহোৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, “চমূৱেল, চমূৱেল।” তেতিয়া চমূৱেলে উত্তৰ দি ক’লে, “কওক, আপোনাৰ দাসে শুনি আছে।”
পাছত যিহোৱাই তৃতীয়বাৰ চমূৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; কাৰণ আপুনি মোক মাতিছে।”