সেই ঘৰগিৰীয়ে তেতিয়া কলে, “আপোনালোকে ভয় কৰিব নালাগে, শান্তি মনেৰে থাকক। আপোনালোকৰ আৰু আপোনালোকৰ পিতৃৰ ঈশ্বৰেই নিশ্চয়কৈ সেই ধন আপোনালোকৰ বস্তাত ৰাখিছিল। মই কিন্তু আপোনালোকৰ ধন পালোঁ।” পাছত ঘৰগিৰীজনে চিমিয়োনক বাহিৰ কৰি তেওঁলোকৰ ওচৰলৈ আনিলে।
1 চমূ 25:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেয়ে দায়ূদে দহ জন যুৱকক সেই ঠাইলৈ পঠালে। দায়ূদে যুৱক সকলক ক’লে, “কৰ্মিলত থকা নাবলৰ ওচৰলৈ যোৱা আৰু মোৰ নামেৰে তেওঁক মঙ্গলবাদ কৰিবা। |
সেই ঘৰগিৰীয়ে তেতিয়া কলে, “আপোনালোকে ভয় কৰিব নালাগে, শান্তি মনেৰে থাকক। আপোনালোকৰ আৰু আপোনালোকৰ পিতৃৰ ঈশ্বৰেই নিশ্চয়কৈ সেই ধন আপোনালোকৰ বস্তাত ৰাখিছিল। মই কিন্তু আপোনালোকৰ ধন পালোঁ।” পাছত ঘৰগিৰীজনে চিমিয়োনক বাহিৰ কৰি তেওঁলোকৰ ওচৰলৈ আনিলে।
তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ুদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।
এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।
পাছত দায়ূদে বস্তু-ৰখীয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ, সৈন্যশ্ৰেণীৰ মাজলৈ দৌৰি গ’ল আৰু নিজৰ ককায়েকসকলক মঙ্গলবাদ কৰিলে;
তোমালোকে তেওঁক ক’বা, ‘আপোনাৰ মঙ্গল হওক আৰু আপোনাৰ ঘৰৰ মঙ্গল, আৰু আপোনাৰ যি আছে সকলোৰে মঙ্গল হওক।