তেতিয়া ঈশ্বৰে সপোনত তেওঁক ক’লে, “হয়, মই জানো যে তুমি সৰল মনেৰেই এই কাম কৰিলা আৰু সেই কাৰণেই মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁ; তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ।
1 চমূ 25:34 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কাৰণ সঁচাকৈয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, তেওঁ তোমাক আঘাত কৰিবলৈ মোক বাধা কৰিলে, তুমি মোক ল’গ কৰিবলৈ শীঘ্ৰে নহা হ’লে, নিশ্চয়ে নাবলৰ সম্পৰ্কীয়সকলৰ মাজৰ সৰু ল’ৰা এজনো ৰাতি পুৱালৈ অৱশিষ্ট নাথাকিলেহেঁতেন।” |
তেতিয়া ঈশ্বৰে সপোনত তেওঁক ক’লে, “হয়, মই জানো যে তুমি সৰল মনেৰেই এই কাম কৰিলা আৰু সেই কাৰণেই মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁ; তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ।
তেতিয়া গিবিয়োনৰ লোকসকলে গিলগলৰ চাউনিলৈ আৰু যিহোচূৱাৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে যে, “আপুনি আপোনাৰ এই বন্দীসকলৰ পৰা হাত নোকোঁচাব৷ আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক৷ আমাক আহি সহায় কৰক, কিয়নো পৰ্ব্বত-নিবাসী ইমোৰীয়াসকলৰ সকলো ৰজাই আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খালে।”
পাছদিনা চৌলে তেওঁৰ লোকসকলক তিনিটা দলত বিভক্ত কৰিলে। ৰাতিপুৱা তেওঁলোক ছাউনিৰ মাজলৈ আহি, প্রখৰ ৰ’দ নোহোৱালৈকে অম্মোনীয়াসকলক আক্রমণ কৰি পৰাস্ত কৰিলে। যি সকল জীয়াই থাকিল, লোকসকল এইদৰে ছিন্ন ভিন্ন হৈ গ’ল যে, তেওঁলোক কোনো দুজন একেলগে নাথাকিল।
তাতে অবীগলে শীঘ্ৰে দুশ পিঠা, দুবটল দ্ৰাক্ষাৰস, পাঁচটা যুগুত কৰা মেৰ-ছাগ, পাঁচ চেয়া ভজা শস্য, এশ থোপা শুকান দ্ৰাক্ষাগুটি, আৰু দুশ লদা ডিমৰু গুটি লৈ গাধবোৰৰ পিঠিৰ ওপৰত বোজা দিলে।
বেলি উদয় হোৱাৰ আগেয়ে মই যদি তেওঁৰ বংশৰ মাজৰ এজন মানুহকো জিৱিত ৰাখোঁ, তেনেহলে ঈশ্বৰে দায়ূদৰ শত্ৰুবোৰলৈ এনেকৈ আৰু তাতকৈ অধিক দণ্ড দিয়ক।
এতিয়া হে মোৰ প্ৰভু, মই যিহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দোষত দোষী হ’বলৈ, আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যিহোৱাই আপোনাক নিবাৰণ কৰিলে, এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ, মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক।
দায়ূদে নাবলৰ মৃত্যুৰ কথা শুনি ক’লে, “যিহোৱা ধন্য; নাবলৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পতি কৰিলে, আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে; আৰু নাবলৰ যি দুষ্কৰ্ম, তাৰ প্ৰতিফল যিহোৱাই তাৰ মূৰত দিলে।” তাৰ পাছত দায়ূদে অবীগলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে।