তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা?
1 চমূ 25:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দায়ূদে কৈছিল, “মৰুপ্ৰান্তত থকা তেওঁৰ বস্তুবোৰ মই বৃথাই এনেকৈ পহৰা দিলোঁ যে, তাৰ সকলো বস্তুৰ মাজৰ একোৱেই নেহেৰাল, আৰু তেওঁ উপকাৰৰ সলনি মোলৈ অপকাৰহে কৰিলে। |
তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা?
সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।
উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক।
সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা বেছি ভাল৷
অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
দায়ূদে নিজৰ লোকসকলক ক’লে, “প্ৰতিজনে তৰোৱাল বান্ধা।” তাতে প্ৰতিজনে নিজ নিজ তৰোৱাল বান্ধিলে, আৰু দায়ূদেও নিজৰ তৰোৱাল বান্ধিলে; দায়ূদৰ লগত প্ৰায় চাৰি শ লোক গ’ল, আৰু সামগ্ৰী ৰাখিবৰ বাবে দুশ লোক থাকিল।
কিন্তু সেই লোকসকল আমাৰ পক্ষে বৰ ভাল আছিল; আমি যিমান দিন তেওঁলোকৰ লগত পথাৰত আছিলোঁ, আমাৰ কোনো অপকাৰ হোৱা নাছিল, আৰু একো হেৰোৱাও নাছিল।
তাৰ পাছত তেওঁ গাধত উঠি পৰ্বতৰ মাজেদি মানুহে দেখা পাব নোৱাৰা বাটেদি নামি গ’ল, তাতে দায়ুদ আৰু তেওঁৰ লোকসকল তেওঁৰ সন্মুখেদি নামি আহিল, আৰু তেওঁ তেওঁলোকক লগ পালে।
মই শুনিলোঁ যে আপুনি নোম কটি আছে। আপোনাৰ মেৰৰখীয়াসকল আমাৰ লগত থাকোঁতে, আমি তেওঁলোকক অনিষ্ট কৰা নাছিলোঁ, আৰু তেওঁলোক যেতিয়ালৈকে কৰ্মিলত আছিল, তেতিয়ালৈকে তেওঁলোকৰ একো হেৰুৱা নাছিল।