তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
1 চমূ 23:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগৰ প্ৰায় ছশ লোক উঠি কয়ীলাৰ পৰা বাহিৰ ওলাই, এঠাইৰ পৰা আন ঠাইলৈ গ’ল। চৌলক কোৱা হ’ল, যে দায়ুদ কয়ীলাৰ পৰা সাৰি গ’ল, সেয়ে চৌলে তেওঁক অনুসৰণ কৰিবলৈ বাদ দিলে। |
তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
যিহেতু তুমি যোৱা কালি মাথোন আহিলা, কিয় মই তোমাক আমাৰ লগত লৈ সকলোফালে ঘূৰাই ফুৰাম? মই নিজেই নাজানো যে মই ক’লৈ গৈ আছোঁ৷ সেই কাৰণে তুমি তোমাৰ লোকসকলক লৈ ঘূৰি যোৱা৷ তোমাৰ লগত দয়া আৰু সত্য থাকক।”
তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে। তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।
প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল।
দায়ূদে নিজৰ লোকসকলক ক’লে, “প্ৰতিজনে তৰোৱাল বান্ধা।” তাতে প্ৰতিজনে নিজ নিজ তৰোৱাল বান্ধিলে, আৰু দায়ূদেও নিজৰ তৰোৱাল বান্ধিলে; দায়ূদৰ লগত প্ৰায় চাৰি শ লোক গ’ল, আৰু সামগ্ৰী ৰাখিবৰ বাবে দুশ লোক থাকিল।