তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।”
1 চমূ 21:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ। |
তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।”
তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল।
এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
কিয়নো যাকোবৰ ওচৰৰ পৰা কেইজনমান ইহুদী লোক আহিছিল আৰু তেওঁলোক অহাৰ আগেয়ে, কৈফাই অনা-ইহুদী সকলৰ সৈতে খোৱা-বোৱা কৰি আছিল। কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নৎ হোৱা লোক সকললৈ ভয় কৰি কৈফাই অনা-ইহুদী সকলৰ সঙ্গ এৰি নিজক পৃথকে ৰাখিছিল।
ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে;
তেতিয়া চৌলে মীখলক ক’লে, “তই মোক কিয় এইদৰে প্ৰবঞ্চনা কৰিলি? মোৰ শত্ৰুক কিয় পলাই সাৰিবলৈ দিলি?” তাতে মীখলে চৌলক উত্তৰ দিলে, “তেওঁ মোক কৈছিল, মোক যাবলৈ দে, মই কিয় তোক বধ কৰিম?”
তাতে দায়ূদে অবিয়াথৰক ক’লে, “ইদোমীয়া দোৱেগ সেই ঠাইত থকাতে মই সেই দিনা বুজিছিলোঁ, যে, সি অৱশ্যে চৌলক সম্বাদ দিব; ময়েই তোমাৰ পিতৃ-বংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ’লো।
তাৰ পাছত চৌলৰ দাসবোৰৰ ওচৰত থিয় হৈ থকা ইদোমীয়া দোৱেগে উত্তৰ দিলে, “মই নোবত যিচয়ৰ পুত্ৰক অহীটুবৰ পুত্ৰ অহীমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ।”