অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 চমূ 17:40 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত তেওঁ নিজৰ লাখুটি হাতত ল’লে, আৰু জুৰিৰ পৰা পাঁচোটা শীতল শিল বাচি লৈ, সেইবোৰ মেৰ-ছাগ ৰখীয়াৰ লাগতীয়াল বস্তু থোৱা জোলোঙাত ভৰাই ল’লে; আৰু ফিঙ্গাগছ হাতত লৈ সেই পলেষ্টীয়াজনৰ ওচৰলৈ গ’ল।

অধ্যায়টো চাওক



1 চমূ 17:40
8 পৰস্পৰ সংযোগসমূহ  

বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, পাদুকা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য।


ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।


এহূদৰ পাছত, অনাতৰ পুত্র চমগৰ বিচাৰকর্তা হ’ল; তেওঁ গৰু খেদোৱা লাঠিৰে পলেষ্টীয়াসকলৰ ছশ লোকক বধ কৰিছিল। তেৱোঁ ইস্ৰায়েলবাসীক দুর্যোগৰ পৰা নিস্তাৰ কৰিছিল।


তাৰ পাছত দায়ূদে নিজৰ সাজৰ ওপৰত তেওঁৰ তৰোৱাল বান্ধি ল’বলৈ চেষ্টা কৰিলে; কাৰণ তেওঁ আগেয়ে এইবোৰ পিন্ধাৰ অভ্যাস কৰা নাছিল। পাছত দায়ূদে চৌলক ক’লে, “মই এইবোৰৰ পিন্ধি বাহিৰলৈ গৈ যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ মই এইবোৰৰ অভ্যাস কৰা নাই।” সেয়ে দায়ূদে সেইবোৰ সোলোকাই হ’ল।


তাতে সেই পলেষ্টীয়াজনে আগবাঢ়ি আহি দায়ূদৰ ওচৰ চাপিল আৰু তেওঁৰ ঢালবাহীজন তেওঁৰ আগে আগে আহি আছিল।