পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।
1 চমূ 14:47 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল। |
পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।
পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।
সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।
পাছে অম্মোনৰ সন্তান সকল দায়ূদলৈ ঘিণলগীয়া হ’ল বুলি জানি, মানুহ পঠিয়াই বৈৎ-ৰহোবৰ আৰু চোবাৰ বিশ হাজাৰ অৰামীয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ এক হাজাৰ লোক আৰু টোবৰ বাৰ হাজাৰ লোকক বেচ দি অনালে।
এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।
আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰে ইউফ্রেটিচ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷
ঈশ্বৰে চলোমনৰ আন এজন শত্ৰুক বিদ্ৰোহ কৰাইছিল, তেওঁ হ’ল ইলিয়াদাৰ পুত্ৰ ৰজোন; এই লোকজনে নিজ প্ৰভু চোবাৰ ৰজা হদদেজৰৰ পৰা পলাই গৈছিল৷
যিহেতু যিহোৱাই কোৱা নাছিল যে, ইস্ৰায়েলৰ নাম আকাশৰ তলৰ পৰা লুপ্ত কৰি পেলাব, সেয়ে তেওঁ যিহোৱাচৰ পুত্ৰ যাৰবিয়ামৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিলে।
এতিয়া ৰজাই তোমালোকৰ আগত অহা-যোৱা কৰি আছে; কাৰণ মই পকা চুলিয়া বৃদ্ধ হ’লো; আৰু মোৰ সন্তান সকল তোমালোকৰ লগত আছে। যুৱক অৱস্থাৰ পৰা এতিয়ালৈকে মই তোমালোকৰ আগত অহা-যোৱা কৰি আছিলোঁ।
চৌলে ত্ৰিশ বছৰ বয়সত ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰে, আৰু তেওঁ ইস্ৰায়েলৰ লোকসকলক দুবছৰ শাসন কৰে।
পাছত চৌলে পলেষ্টীয়াসকলক খেদি যোৱাৰ পৰা উভটি আহিল; আৰু ফিলিষ্টীয়া সকলো নিজ নিজ ঠাইলৈ গুচি গ’ল।
চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল; সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষক দেখিলেই নিজৰ লগত ৰাখিছিল।
সেই দিনা চৌলৰ দাসবোৰৰ মাজৰ ইদোমীয়া দোৱেগ নামেৰে এজন লোক যিহোৱাৰ সন্মুখত, তেওঁ চৌলৰ প্ৰধান পশুপালক আছিল।