অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 কৰি 9:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আমাৰ সোধ-বিচাৰ কৰা সকলৰ বাবে, তেওঁলোকৰ ওচৰত আমাৰ উত্তৰ এয়ে।

অধ্যায়টো চাওক



1 কৰি 9:3
14 পৰস্পৰ সংযোগসমূহ  

যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷


হে ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিম, সেই বিষয়ে শুনকচোন৷


তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।


কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেনেহলে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক।


মই অানলোকলৈ পাঁচনি নহ’লেও, একমাত্ৰ আপোনালোকেই মোক পাঁচনি পদ পোৱা লোক বুলি মানে; কিয়নো প্ৰভুত মই যে এজন পাঁচনি তাৰ প্ৰমাণ আপোনালোকেই৷


আমাৰ জানো ভোজন আৰু পান কৰাৰ ক্ষমতা নাই?


এই কাৰণে, বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।


মই আপোনালোকক এই কথা কৈছোঁ, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় তাৰে প্ৰমাণ আপোনালোকে বিচাৰি আছে; তেওঁ আপোনালোকলৈ দূৰ্বল নহয় কিন্তু আপোনালোকৰ মাজত বলৱান।


আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।


কিন্তু কিছুমানে স্বাৰ্থপৰতাৰে আৰু আন্তৰিকতাহীন ভাৱে খ্ৰীষ্টক প্ৰচাৰ কৰে, তেখেত সকলে শুদ্ধ ভাবেৰে নহয়, কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশয়েৰেহে তাকে কৰে।


আপোনালোক সকলোৰে বিষয়ে এনে ন্যায় ভাব ৰখা মোৰ উচিত; কাৰণ আপোনালোক মোৰ হৃদয়ত আছে৷ কিয়নো মই বন্দী অৱস্হাত থাকোতে আৰু শুভবাৰ্তাৰ পক্ষত উত্তৰ আৰু প্ৰমাণ দিয়া কথাত যি অনুগ্ৰহ পালোঁ, তাৰে আপোনালোকো সহভাগী হৈছে।


মই প্ৰথম বাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক।