তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”
1 কৰি 7:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়। |
তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”
তেওঁ যদি নিজৰ বাবে আন এগৰাকী ভাৰ্যা আনে, তেনেহ’লে তেওঁ তাইৰ অন্ন, বস্ত্ৰ, আৰু বিবাহৰ অধিকাৰৰ বিষয়ে ত্রুটি কৰিব নোৱাৰিব।
লোকসকলক গোটোৱা, সমাজখন পবিত্ৰ কৰা, পৰিচাৰকসকলক গোটোৱা, শিশুসকলক গোটোৱা আৰু পিয়াহ খোৱাসকলক গোটোৱা। দৰা নিজৰ কোঁঠালিৰ পৰা, আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক।
তেওঁলোকে যিহোৱাৰ গৃহত উপস্থিত থকা বাহিনীসকল আৰু ভাববাদীসকলক ক’লে “মই ইমান বছৰ যি দৰে শোক কৰি আহিছোঁ, সেইদৰে নিজকে পৃথক ৰাখি পঞ্চম মাহত ব্রত ৰাখিম নে”?
যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।
তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”
ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে।
সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।