ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
1 কৰি 7:39 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়। |
ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
যিহূদাই বিশ্বাসঘাতকতা কৰিলে; ইস্ৰায়েল আৰু যিৰূচালেমত ঘিণলগীয়া কাৰ্য কৰা হৈছে; কিয়নো যিহূদাই যিহোৱাৰ সেই পবিত্রস্থান, যাক তেওঁ প্ৰেম কৰে, তাক অপবিত্ৰ কৰিছে; যিহূদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে।
এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।”
তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যায়, তেনেহলে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে।
এতেকে যি জনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায়, তেওঁ ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনে তাতকৈয়ো ভাল কৰ্ম কৰে।