অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
1 কৰি 2:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’, |
অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
তোমালৈ অপেক্ষা কৰা জনলৈ কাৰ্য সিদ্ধ কৰোঁতা যি তুমি, তোমাৰ বাহিৰে আন ঈশ্বৰ আছে বুলি আগৰ কালৰ পৰা মানুহে শুনা নাই বা চকুৰে দেখা নাই।
কিয়নো চোৱা, মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ; আৰু পূৰ্বকালৰ বস্তুবোৰ সোঁৱৰণ কৰা বা মনত ৰখা নহ’ব।
তেওঁ তেওঁলোকক ক’লে, “তোমালোকে মোৰ পান-পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁ হাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হ’ব।”
তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে; এই হেতুকে ঈশ্বৰে, তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ’বলৈ লাজ নাপায়; কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে।
যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷