অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 কৰি 15:53 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।

অধ্যায়টো চাওক



1 কৰি 15:53
7 পৰস্পৰ সংযোগসমূহ  

আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।


যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷


কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে।


সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে।


হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷ তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷