গতিকে তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, ‘তোমালোকে এই কথা কৈছা: আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধংস হৈ আছোঁ! তেন্তে আমি কেনেকৈ জীয়াই থাকিম?’
1 কৰি 15:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে। |
গতিকে তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, ‘তোমালোকে এই কথা কৈছা: আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধংস হৈ আছোঁ! তেন্তে আমি কেনেকৈ জীয়াই থাকিম?’
সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হ’লোঁ, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম;
আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।
ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;