যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।
1 কৰি 15:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো, যদি মৃতবোৰক তোলা নহয়, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল; |
যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।
আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে, তেওঁ খ্ৰীষ্টক তুলিলে;
আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে।
আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?