যিহোৱাই এই কথা ঘোষণা কৰিলে, হে ইস্ৰায়েল বংশ, চোৱা! মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম। তেওঁলোক বলৱান জাতি! তুমি সেই জাতিৰ ভাষা নাজানা, বা তেওঁলোকৰ কথাও নুবুজা!
1 কৰি 14:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বিধান-শাস্ত্ৰত লিখা আছে, “প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই, আৰু বিদেশী সকলৰ ওঁঠৰ দ্বাৰাই, মই এই লোকক কথা ক’ম; কিন্তু তাক কৰিলেও, তেওঁলোকে মোৰ কথা নুশুনিব।” |
যিহোৱাই এই কথা ঘোষণা কৰিলে, হে ইস্ৰায়েল বংশ, চোৱা! মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম। তেওঁলোক বলৱান জাতি! তুমি সেই জাতিৰ ভাষা নাজানা, বা তেওঁলোকৰ কথাও নুবুজা!
যীচুৱে তেওঁলোকক উত্তৰ দিলে, “আপোনালোকৰ বিধান-শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই ক’লো, “তোমালোক ঈশ্বৰবোৰ?”’
সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷
তেনেকৈ আপোনালোকৰ মণ্ডলী সমূহতো মহিলা সকল নিজম দি থাকক; কিয়নো কথা ক’বলৈ তেওঁলোকক অনুমতি দিয়া নাযায়; কিন্তু তেওঁলোকে নিবেদন কৰি থাকক, বিধান-শাস্ত্ৰয়েও সেইদৰেই কয়।
যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমাৰ পৰা, এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা অাপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব।