1 কৰি 12:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু এতিয়া অনেক অঙ্গ-প্ৰত্যঙ্গ হলেও, শৰীৰ এক। |
কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হ’লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও।
আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক’ব নোৱাৰে; বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক’ব নোৱাৰে।