কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
1 কৰি 10:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷ |
কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
চাওক! তৃতীয় বাৰ মই আপোনালোকৰ ওচৰলৈ যাবলৈ যুগুত হৈছোঁ আৰু এইবাৰো ভাৰস্বৰূপ নহ’ম, কিয়নো আপোনালোকৰ সম্পত্তি নহয়, আপোনালোককহে বিচাৰো; কাৰণ মাক-বাপেকৰ কাৰণে সন্ত্বানে সাঁচিব লগা নহয়, সন্ত্বানৰ কাৰণেহে মাক-বাপেকে সাঁচিব লগা হয়।
আপোনালোকে ইমান সময়ে, আমি নিজকে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছে নে? আমি ঈশ্বৰৰ দৃষ্টিত থাকি খ্ৰীষ্টত কৈ আছোঁ; আৰু হে প্ৰিয় সকল, আপোনালোক ধৰ্মত বৃদ্ধি হ’বলৈহে এইবোৰ কথা কৈছোঁ।
মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।
আমি অনা-ইহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে; এইদৰে তেওঁলোকে বাৰে বাৰে পাপ কৰি ঈশ্বৰৰ সীমা পাৰ আছে। সেয়েহে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷