1 কৰি 10:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ সহভাগিতা নহয় নে? |
তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।
আমি যেতিয়া সপ্তাহৰ প্ৰথম দিনটোত পিঠা ভাঙিবলৈ একগোট হলোঁ; পৌলে বিশ্বাসী সকলক উপদেশ দি আছিল, পাছদিনা তেওঁ যাবলৈ সিদ্ধান্ত লোৱাত, মাজৰাতিলৈকে বক্তৃতা দি আছিল।
ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।
কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হ’লোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।
আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী;
সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।
কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।