অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 কৰি 1:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এতিয়া মই এই কথা কবলৈ বিচাৰিছোঁ যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ” বা “মই খ্রীষ্টৰ দলৰ।”

অধ্যায়টো চাওক



1 কৰি 1:12
20 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত ইস্ৰায়েলৰ লোকসকলক দুভাগ কৰা হ’ল; এভাগ লোকে গীনতৰ পুত্ৰ তিব্‌নীক ৰজা পাতি, তেওঁৰ পাছত চলোঁতা হ’ল আৰু আন ভাগে অম্ৰীৰ পাছত চলিবলৈ ধৰিলে।।


কিন্তু তোমালোকে হ’লে, ‘ৰব্বি’ বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।


আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা” নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।


সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল।


আপল্লো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিচ চহৰ পালেহি; তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে৷


মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।


আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক,


কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।


এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।


প্রিয় ভাই আৰু ভনী সকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে, “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।” আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।


কিন্তু, হে ভাই-ভনী সকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ ভাৰ্যা নাই;


অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েক, ভনীয়েক সকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই?


সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক।


কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।


যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;


এতিয়া মই ইয়াকে কওঁ, পূৰ্বতে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি থিৰ কৰা হ’ল আৰু তাৰ চাৰি শ ত্রিশ বছৰৰ পাছত বিধান আহিল। তাতে পূর্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞাৰ কৰাৰ দ্বাৰা বাতিল হৈ নাযায়।