2 বংশা 6:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত ৰজাই ঘূৰিলে আৰু ইস্ৰায়েলৰ গোট খোৱা সমাজক আশীৰ্ব্বাদ কৰিলে, তাতে ইস্ৰায়েলৰ সমাজত সকলোৱে থিয় হৈ আছিল। |
দায়ূদে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰি শেষ কৰাৰ পাছত, তেওঁ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
যেতিয়া হিষ্কিয়া আৰু অধ্যক্ষসকলে আহি দ’মবোৰ দেখিলে, যিহোৱাক আৰু তেওঁৰ প্ৰজাসকল ইস্ৰায়েলক ধন্যবাদ দিলে।
তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ধন্য হওঁক; যি জনে মোৰ পিতৃ দায়ূদক নিজ মুখেৰে যি কথা কৈছিল, সেয়া তেওঁ নিজ হাতে সিদ্ধও কৰিছিল; তেওঁ কৈছিল যে,
আৰু তেওঁলোক সোমোৱা সময়ত অধিপতিজন তেওঁলোকৰ মাজত হৈ সোমাব; আৰু ওলোৱা সময়ত তেওঁলোক সকলোৱে একেলগে ওলাব।
তাতে তেওঁৰ চাৰিওফালে বহুতো লোক আহি গোট খোৱাত, তেওঁ এখন নাৱত উঠি বহিল আৰু সেই গোট খোৱা সকলো মানুহ বামতে থিয় হৈ থাকিল।
এইদৰে যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰি বিদায় দিয়াৰ পাছত, তেওঁলোক নিজ নিজ তম্বুলৈ গ’ল।