তেওঁ তেওঁলোকক সুধিলে, “যি সকল লোকে, ‘আপোনাৰ পিতৃয়ে যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাইছে সেই কার্যৰ ভাৰ কিছু লঘু কৰক’, এইদৰে মোৰ আগত ক’লে, তেওঁলোকক উত্তৰ দিবলৈ তোমালোকে মোক কি পৰামৰ্শ দিয়া?”
2 বংশা 10:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ তেওঁলোকক ক’লে, “মোৰ আগত কোৱা সেই লোকসকলক আমি উত্তৰ দিবৰ বাবে তোমালোকে কি পৰামৰ্শ দিবা, সেই লোকসকলে মোক এইদৰে ক’লে, বোলে, ‘আপোনাৰ পিতৃয়ে আমাৰ ওপৰত যি যুৱলি দি গ’ল, তাৰ কিছু লঘূ কৰক’?” |
তেওঁ তেওঁলোকক সুধিলে, “যি সকল লোকে, ‘আপোনাৰ পিতৃয়ে যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাইছে সেই কার্যৰ ভাৰ কিছু লঘু কৰক’, এইদৰে মোৰ আগত ক’লে, তেওঁলোকক উত্তৰ দিবলৈ তোমালোকে মোক কি পৰামৰ্শ দিয়া?”
তেওঁৰ একে সমানে ডাঙৰ-দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে আমাৰ ওপৰত গধুৰ যুৱলি দি গ’ল কিন্তু আপুনি তাৰ কিছু লঘূ কৰক বুলি আপোনাৰ আগত কোৱা লোকসকলক সেই কথা কওঁক, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীৱিত থকা কালত যি বৃদ্ধসকল তেওঁৰ আগত থিয় দি আছিল তেওঁলোকৰ লগত মন্ত্ৰণা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ তোমালোকে কি পৰামৰ্শ দিয়া?”
কিন্তু ৰহবিয়ামক বৃদ্ধসকলে দিয়া পৰামৰ্শ অৱজ্ঞা কৰি, যিসকল তেওঁৰে লগত একে সমানে ডাঙৰ-দীঘল হোৱা ডেকাসকল তেওঁৰ আগত থিয় দি আছিল, তেওঁলোকৰ সৈতে মন্ত্ৰণা কৰিলে।