যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’
2 চমূ 14:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া ৰজাই ক’লে, সি নিজ ঘৰলৈ ঘূৰি আহিব পাৰে কিন্তু মোৰ মুখ হ’লে সি দেখিবলৈ নাপাওঁক। তেতিয়া অবচালোমে নিজৰ ঘৰলৈ ঘূৰি গ’ল কিন্তু ৰজাৰ মুখ দেখিবলৈ নাপালে। |
যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’
তাৰ পাছত তাইৰ ককায়েক অবচালোমে তাইক সুধিলে, “তোমাৰ ককাই অম্নোন তোমাৰ লগত আছিল নেকি? কিন্তু এতিয়া হে মোৰ ভনী, মনে মনে থাকা, সি তোমাৰ ককাই; এই কথাত বৰকৈ দুখ নকৰিবা।” তেতিয়াৰে পৰা তামাৰ বিষাদ মনেৰে নিজ ককাই অবচালোমৰ ঘৰত থাকিল।
দায়ূদে ক’লে, বাৰু, মই তোমাৰ লগত এটি চুক্তি কৰিম, কেৱল এটি বিষয় মই তোমাৰ পৰা বিচাৰো যে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিবা, তেতিয়া প্ৰথমে চৌলৰ জীয়েক মীখলক নানিলে, মোক দেখা নাপাবা।
তেতিয়া ফৰৌণে মোচিক ক’লে, “মোৰ সন্মুখৰ পৰা গুচি যোৱা। এটা বিষয়ত সাৱধান হবা, মোৰ মুখ পুনৰ চাব নিবিচাৰিব; কিয়নো যি দিনাই মোৰ মুখ চাবা, সেই দিনাই তোমাৰ মৃত্যু হ’ব।”