2 কৰি 4:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। |
এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক;
সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
ভৱিষ্যত মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল, তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ পবিত্ৰ তম্বুৱেদি আহিল, এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়৷