অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 বংশা 29:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।

অধ্যায়টো চাওক



1 বংশা 29:3
14 পৰস্পৰ সংযোগসমূহ  

যোৱাচে পুৰোহিতসকলক ক’লে, “যিহোৱাৰ গৃহলৈ বিশেষ উদ্দেশ্যৰ কাৰণে পবিত্র দান হিচাবে ধন অনা হওঁক; গণিত লোকৰ পৰা মন্দিৰৰ কৰ, যিহোৱাৰ দ্বাৰা উৎসাহিত হৈ লোকসকলে মন্দিৰৰ কাৰণে নিজ মনোবাঞ্ছাৰে অনা দান-বৰঙনি, সেই সকলো লৈ আপোনালোকে জমা কৰিব।


দায়ুদ ৰজাই অৰ্ণনক ক’লে, “নহয়, মই সম্পূৰ্ণ মূল্য দিহে কিনি ল’ম। যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিব খোজা তোমাৰ যি আছে বিনামূল্যে মই নলওঁ।”


মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ।


তিনি হাজাৰ কিক্কৰ ওফীৰৰ সোণ, আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ।


হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে, মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।


যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।


হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম!


কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম; দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।


“মনৰ ইচ্ছাৰে প্রভাৱিত হোৱা প্রতিজন ইস্ৰায়েলী লোকৰ পৰা মোৰ অৰ্থে দান গ্রহণ কৰিবলৈ ক’বা। তুমি নিশ্চয়কৈ মোৰ অৰ্থে এই দান গ্রহণ কৰিবা।


কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নাম-ঘৰটোও তেৱেঁই আমাৰ বাবে সাজি দিলে৷”