অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 চমূ 17:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁৰ বৰছাৰ লাঠিডাল, তাঁত শালৰ টোলোঠাৰ সমান ডাঙৰ আছিল। তেওঁৰ লোহাৰ বৰছাপাতৰ ওজন ছশ চেকল আছিল। তেওঁৰ ঢাল ধৰাজন তেওঁৰ আগে আগে গৈছিল।

অধ্যায়টো চাওক



1 চমূ 17:7
5 পৰস্পৰ সংযোগসমূহ  

এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে।


পুনৰাই পলেষ্টীয়াসকলৰ সৈতে গোবত আকৌ যুদ্ধ হোৱাত, যাৰে-ওৰগীমৰ পুত্ৰ বৈৎলেহেমীয়া ইলহাননে গাতীয়া গলিয়াথক বধ কৰিলে যাৰ বৰছাৰটো কুৰা টোলোঠাৰ সমান আছিল।


ইয়াৰ বাহিৰে তেওঁ পাঁচ হাত ওখ এজন মিচৰীয়াকো বধ কৰিছিল। সেই মিচৰীয়াৰ হাতত তাঁতৰ টোলোঠাৰ সমান এপাত যাঠী আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ ওচৰলৈ নামি গৈছিল আৰু তাৰ হাতৰ পৰা যাঠী পাত কাঢ়ি লৈ, তাৰ যাঠীৰে তাক বধ কৰিছিল।


পুনৰায় পলেষ্টীয়াসকলৰ লগত গবত যুদ্ধ হ’ল, যায়ীৰৰ পুত্ৰ ইলহাননে গাতীয়া গলিয়াথৰ ভায়েক লহমীক বধ কৰিলে, তাৰ যাঠী তাতঁশালৰ টোলোঠাৰ সমান আছিল।


তাতে সেই পলেষ্টীয়াজনে আগবাঢ়ি আহি দায়ূদৰ ওচৰ চাপিল আৰু তেওঁৰ ঢালবাহীজন তেওঁৰ আগে আগে আহি আছিল।