মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
1 কৰি 16:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন। |
মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
নতুবা তুমি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছা, কিন্তু যি সকলে শুনিবলৈ দর্শক হিচাপে তালৈ আহে, তেওঁ যদি বুজি নাপাই, কেনেকৈ তোমাৰ সেই ধন্যবাদত ‘আমেন’ ক’ব? কাৰণ তুমি কি কৈছা, তেওঁলোকে বুজি নাপালে।
ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা খ্ৰীষ্ট যীচুৰ পাঁচনি পৌল, আৰু তীমথিয় ভাই - কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলীৰ আৰু গোটেই আখায়া দেশত থকা সকলো পবিত্ৰ লোকৰ সমীপলৈ:
সেইদৰে ময়ো আপোনালোকৰ প্ৰাণৰ কাৰণে আনন্দেৰে ব্যয় কৰিম আৰু ব্যয় কৰাও হ’ম। যদি মই আপোনালোকক অধিক প্ৰেম কৰোঁ, তেনেহলে মোক আপোনালোকে কমকৈ প্ৰেম কৰিব নে?
কাৰণ খ্ৰীষ্ট যীচুৰ স্নেহত মই আপোনালোকৰ কাৰণে কিমান হাবিয়াহ কৰোঁ, সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে।
যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।