মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
ৰোমীয়া 16:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো আপোনালোকৰ আজ্ঞাধীনতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ; কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয়, এয়ে মোৰ বাঞ্ছা। |
মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰ নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।
প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷
হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।
আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷
যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।